বেআইনীভাবে বিত্তীয় লেনদেনৰ সৈতে জড়িত থকাৰ অভিযোগত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ এনফৰ্চমেন্ট ডিৰেক্টৰেট (ইডি)ৰ। কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে বুধবাৰে এই কথা জনাইছে।
ইডিয়ে জনাইছে, ছোনিয়া আৰু ৰাহুলক অহা ৮ জুনত সোধাপোছাৰ বাবে তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নির্দেশ দিয়া হৈছে।