
সৰুকালত কেনে আছিল প্রধানমন্ত্রী নৰেন্দ্র মোদী? ছটফটীয়া? দুষ্ট? নে শান্ত? মোদীৰ কনিষ্ঠ ভাতৃয়ে জনোৱা মতে, সৰুকালৰ পৰাই কঠোৰ পৰিশ্রম কৰিব পাৰিছিল নৰেন্দ্র মোদীয়ে। ঘটনাচক্রত, মে’ মাহতেই মোদী চৰকাৰে আঠ বছৰ পূৰ্ণ কৰিছে।
২০১৪ চনৰ ২৬ মে’ত প্রধানমন্ত্রী হিচাবে শপত লৈছিল মোদীয়ে। পাঁচ বছৰ চৰকাৰ চলাই ২০১৯ চনতো বিপুল আসন লাভ কৰি জয়ী হৈ আহি পুনৰ প্রধানমন্ত্রী হয় তেওঁ।
মোদী চৰকাৰৰ আঠ বছৰ পূর্তি উপলক্ষে যোগাযোগ কৰা হৈছিল তেওঁৰ কনিষ্ঠ ভাতৃ প্রহ্লাদৰ সৈতে। নিউজ ১৮ৰ প্রশ্নৰ উত্তৰত প্রহ্লাদে তেওঁৰ জ্যেষ্ঠ ভাতৃ নৰেন্দ্র মোদীৰ সৰুকালৰ কথা কয়। প্রহ্লাদ পেছাত এজন ৰেচন ডিলাৰ। তেওঁৰ দেশৰ ‘সুলভ মূল্যৰ দোকান ফেডাৰেচন’ৰ সভাপতিও।
প্রধানমন্ত্রীৰ ভাতৃ প্রহ্লাদে কয়, ‘‘সৰুৰে পৰাই কঠিন পৰিশ্রমী আছিল নৰেন্দ্ৰ মোদী। পঢ়া-শুনাতো অতি ভাল আছিল। কাকোৱে বিৰক্ত কৰা নাছিল। নিজৰ কাম অতি মনোযোগেৰে কৰিছিল। আমি সকলোৱেই তেওঁক অনুসৰণ কৰিছিলো।’’
প্রহ্লাদে লগতে কয়, ‘‘১৯৭০ চনত ঘৰ ত্যাগ কৰিছিল নৰেন্দ্র মোদীয়ে। তাৰ পিছৰ পৰা তেওঁ আৰু আমাৰ পৰিয়ালৰ সন্তান নহয়, দেশৰ সন্তান। সেয়ে তেওঁৰ যাৱতীয় সাফল্য কেৱল আমাৰ নহয়, সমগ্ৰ দেশকে গর্বিত কৰিছে।’’
প্রহ্লাদৰ মন্তব্য, কৰোনাৰ দৰে কঠিন পৰিস্থিতি প্রধানমন্ত্রী মোদীয়ে যেনেদৰে মোকাবিলা কৰিছে, সেয়া বিশেষ প্রশংসাৰ দাবীদাৰ। কৰোনা মোকাবিলাত প্রধানমন্ত্রীৰ ভূমিকাক তেওঁৰ কনিষ্ঠ ভাতৃ প্রহ্লাদে দহৰ ভিতৰত দহকে দিব বিচাৰে। লগতে প্রহ্লাদে বিচাৰে, আগন্তুক ১৫ বছৰ দেশত মোদী চৰকাৰেই থাকক !












