নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়াৰ কথা আজি এক সংবাদমাধ্যম যোগে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নীলা দলে প্ৰকাশ কৰে।
উক্ত ঘটনাৰ সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোটতোৱে ইতিমধ্যে বহুখিনি তথ্য লাভ কৰাৰ লগতে ঘটনাৰ দিনাৰ ভিডিঅ’ ফুটেজ চাই প্ৰায় ৩০/৩২ গৰাকী অপৰাধীক চিনাক্ত কৰা হৈছে আৰু তাৰ মাজৰেই ৭ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নীলা দলে কোৱা মতে বটদ্ৰৱাৰ ঘটনাৰ লগত জড়িত হোৱাৰ উপৰিও এই অভিযুক্ত কেইগৰাকী পূৰ্বৰে পৰা বহুতো আপত্তিজনক আৰু অপৰাধমূলক কৰ্মৰ সৈতে জড়িত আছিল।