হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় নতুন দিল্লীৰ নতুন সংসদ ভৱনত। শনিবাৰে দুপৰীয়া ১২.৩৫ বজাত চেণ্ট্ৰেল ভিষ্টা এলেকাৰ অন্তর্গত নির্মীয়মাণ সংসদ ভৱনত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই অগ্নিকাণ্ডৰ প্ৰাবল্য নিচেই কম বুলিও জানিব পৰা গৈছে৷
অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰে দ্রুততাৰে উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। অৱশ্যে তাৰ পূৰ্বেই চেণ্ট্ৰেল ভিষ্টা প্রকল্পৰ কর্মীকলৰ সহায়ত জুই নিয়ন্ত্রণলৈ অনা হয় বুলি অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰত প্ৰকাশ।
উল্লেখ্য, ৰাষ্ট্রপতি ভৱনৰ পৰা ইণ্ডিয়া গে’ট পর্যন্ত ৰাজপথৰ দুয়োকাষৰ এলেকাত বিভিন্ন নির্মাণ আৰু সৌন্দর্যবৰ্ধনৰ বাবে ২০ হাজাৰ কোটি টকাৰ চেণ্ট্ৰেল ভিষ্টা প্রকল্প হাতত লৈছে নৰেন্দ্র মোদী চৰকাৰে। ইয়াৰে ভিতৰত প্রায় ৯০০ কোটি ব্যয় কৰি নিৰ্মাণ কৰা হৈছে নতুন সংসদ ভবন। তাৰ কিছু দূৰত নিৰ্মাণ কৰা হৈছে নতুন কেন্দ্রীয় সচিবালয়।