গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ অসমৰ সমন্বয়ক প্ৰতীক হাজেলাক শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিয়াতে শনিবাৰে সৰৱ হৈ পৰে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক শিলাদিত্য দেব। মূলতঃ এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাকৈয়ে হাজেলাক বদলিৰ নিৰ্দেশ প্ৰদান কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে তেওঁ। উল্লেখযোগ্য দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। ইফালে এই সম্পৰ্কত শুকুৰবাৰৰ নিৰ্দেশনাটোৱে আছিল মুখ্য ন্যায়াধীশগৰাকীৰ অন্তিমটো নিৰ্দেশ। কিয়নো অহা ১৭ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত বিধায়ক শিলাদিত্য দেবে শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ১৭ নৱেম্বৰত মহা বিস্ফোৰণ ঘটাব বুলি কোৱা কাৰ্যই সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াতেই ক্ষান্ত নাথাকি দেবে কয় যে কোনোবা বাচিবলৈ হাজেলাক অসমৰ পৰা বদলি কৰিছে। ইয়াক ষড়যন্ত্ৰ আখ্যা দি তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ ওপৰত যেতিয়া সাধাৰণ জনতাৰ আস্থা নাইকিয়া হয়, সেয়া অতি দুৰ্ভাগ্যজনক। দেবে প্ৰকাশ্যে মুখ্য ন্যায়াধীশ গৰাকীৰ নাম উচ্চাৰণ নাই কৰা যদিও অহা ১৭ নৱেম্বৰত তেওঁৰ অৱসৰৰৰ পাছতে যে তেওঁৰ নাম ধৰি সমালোচনা কৰিব, তাৰ পূৰ্ণ সম্ভাৱনা আছে।













