কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আজি জিলা উপায়ুক্ত কাৰ্যালয়ত এএছডিচি,এপিএইছ এলচি আৰু নিৰ্দলীয় দলৰ মুঠ ৯গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
প্ৰাৰ্থীসকল ক্ৰমে, এএছডিচিৰ ১৮নং লুম্বাজং আৰু ২০নং সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে মাইকণ ৰংফাৰপী আৰু ৰাকেশ টেৰণ , এপিএইছএলচিৰ ক্ৰমে, ১১ নং লাংফেৰত কং ৰংপি, ১৩ নং লাংহিনত ছাৰমুন ৰংফাৰ, ১৪ নং কৰকাণ্ঠিত ডেনিয়েল টেৰণ, ১৮ নং লুম্বাজঙত ৰাজেন তিমুঙ , ১৯ নং ধনশিৰিত মনহনছিং টকবী আৰু ২০ নং পৰিষদীয় সমষ্টিত জন ইংতি কাথাৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷
আনহাতে ২০ নং সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাৰে প্ৰদীপ টেৰণেও মনোনয়ন পত্ৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ৷