ডিব্ৰুগড়,১৯ অক্টোবৰ: ডিব্ৰুগড়ত যোৱা নিশা প্ৰায় ১:৩০ বজাত কদমনি অঞ্চলত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।উক্ত অগ্নিকাণ্ডত
তিনিটাকৈ ঘৰ ভস্মীভূত হোৱাৰ লগতে জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশু,এজন বৃদ্ধ সহ পাঁচজনৰ কৰুণ মৃত্যু হয়।ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলৱে লাইনৰ কাষৰ থাৰ্মেল তিনি আলিৰ নিজ কদমনিত এই ভয়াবহ অগ্নিকাণ্ড তথা শোকাবহ ঘটনা সংঘটিত হয়।মৃত লোক কেইজন হৈছে শিৱু সোনাৰ (৫), শংকৰ সোনাৰ(৩) বিশাল সোনৰ ,মায়া দেৱী(৫০), আৰু নুনু থাপা(৫০) নামৰ এজন বৃদ্ধ।জানিব পৰা মতে কৃষ্ণ সোনাৰ নামৰ ব্যক্তি জনৰ বাসগৃহত নিশা প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।বিদ্যুৎ বিভাগৰ নৈশ চকীদাৰ কৃষ্ণ সোনাৰ, উক্ত সময়ত নিজৰ কৰ্ত্যবত আছিল।আনহাতে কৃষ্ণ সোনাৰৰ পুত্ৰ ৰাজেশ সোনাৰ নিশাৰ ভাগত গাড়ী ভাড়া মাৰিবলৈ গৈছিল বাবে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যদিও বাসগৃহৰ ভিতৰত শয়নৰত অৱস্থাত থকা কৃষ্ণ সোনাৰৰ পত্নী মায়া দেৱী,পুত্ৰ বিশাল সোনাৰ,নাতি অৰ্থাৎ ৰাজেশৰ দুই পুত্ৰ শিৱু আৰু শংকৰ সহ সমীপৰ নুনু থাপা নামৰ আন এজন বৃদ্ধ থিতাতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে।আনহাতে সমীপৰ মোহন থাপা আৰু উষা দেৱী মালিকাধীন দুটা বাসগৃহও সম্পূৰ্ণ ৰূপে জাহ যায় যদিও সৌভাগ্য ক্ৰমে অগ্নিকাণ্ড পৰা পৰিয়ালৰ লোকসকলৰ প্ৰাণ ৰক্ষা পৰে।কিন্তু ভয়াবহ অগ্নিকাণ্ডত ঘৰৰ সকলো সা-সম্পত্তি জুইত জাহ যায়।

সমগ্ৰ ঘটনাটোৱে ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।নিশাৰ ভাগত সকলো টোপনিত থকাৰ সময়ত কেনেকৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়,সেয়া সবিশেষ জানিব পৰা নাই যদিও বিদ্যুৎ শ্বৰ্টশ্বাৰ্কিতৰ বাবেই সুত্ৰপাত হোৱা বুলি ধাৰণা কৰা হৈছে।অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিশা অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে তিনিওটা বাসগৃহ,সা- সম্পত্তি,কেইবাখনো চাইকেল,এখন মটৰ চাইকেল, শিশু,বৃদ্ধসহ পাঁচ জনৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে।
ডিব্ৰুগড়ৰ নিজ কদমনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত একেটা পৰিয়ালৰ ৫ জন সদস্য নিহত হোৱা ঘটনাত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ । ঘটনাৰ তদন্তৰ নিৰ্দেশ দিলে উপায়ুক্তক । নিহত প্ৰতি গৰাকী ব্যক্তিৰ বাবদ ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।













