সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে ৷ আজি গুৱাহাটীত সংবাদমেল আয়োজন কৰি আজি নিৰ্বাচনৰ আনুষ্ঠানিক দিন ঘোষণা কৰে ৷
এইলৈ আজি ডিফু নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দিবাকৰ নাথে সংবাদমেলত সদৰি কৰা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে ১২ মে’ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৩ মে, দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ, মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন ২৪ মে, মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৪ মে, বৈধ মনোনয়ণ-পত্ৰ প্ৰকাশৰ অন্তিম তাৰিখ ২৪ মে’ ৷
৮ জুনত নিৰ্বাচন ৷ ভোট পুণৰ গ্ৰহণৰ দিন ১০ জুন আৰু ভোট গণনা আহা ১২ জুনত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ৷ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে কাৰবি আংলং জিলাত তৎক্ষণাত প্ৰযোজ্য হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰিল বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে ৷
আনহাতে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত মুঠ ১০ খন পৰিষদীয় সমষ্টিৰ বাবে কৰ্তৃত্বশীল বিষয়া নিয়োগ কৰা হৈছে বুলি কয় ৷ উক্ত বিষয়াসকল সমষ্টি ক্ৰম অনুসৰি ক্ৰমে, ১০নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ বাবে অতিৰিক্ত উপায়ুক্ত ৰাজেশন টেৰণক উপায়ুক্ত কাৰ্যালয়ৰ ২০ নম্বৰত কোঠাত নিয়োগ কৰাৰ লগতে ১১ নং লাংফেৰৰ বাবে অতিৰিক্ত উপায়ুক্ত ছৈফুদুল্লাখান ২১ নং কোঠা, ১২ নং ফুলনিৰ বাবে হাওৰাঘাটৰ খণ্ড উন্নয়ণ বিষয়া জিদিলি থাউছেন ৪ নং কোঠা, ১৩ নং লাংহিঙৰ বাবে অতিৰিক্ত উপায়ুক্ত ধিৰাজ কুমাৰ জৈন ১২ কোঠা, ১৪ নং কৰকাণ্ঠিৰ বাবে অতিৰিক্ত উপায়ুক্ত নূপুৰ বৰা ১৬ নম্বৰ কোঠা, ১৫ নং মহামায়া সমষ্টিৰ বাবে কলুন্টলি জিমি ১৮ নং কোঠা, ১৮নং লুম্বাজঙৰ বাবে শশীকান্ত তিমুঙ ১ নম্বৰ কোঠা, ১৯ নং ধনশিৰিৰ বাবে লোক নিৰ্মাণ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জুৱেল তিমুঙ ৬ নম্বৰ কোঠা আৰু ২০নং সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে জলসিঞ্চন বিভাগৰ অতিৰিক্ত অভিযন্তা ওংকাৰ বে’ক ১৫ নম্বৰ কোঠাত প্ৰাৰ্থীসকলৰ পৰা মনোনয়ন-পত্ৰসমূহ গ্ৰহণ কৰিবলৈ নিয়োগ কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জনাইছে ৷
ইয়াৰোপৰি ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীক চাৰে চাৰিলাখ টকা নিৰ্বাচনত ব্যয় কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ বিষয়ে উপায়ুক্তগৰাকীয়ে অৱগত কৰাৰ লগতে জিলাখনৰ স্পৰ্শ কাতৰ আৰু অতি স্পৰ্শকাতৰ নিৰ্বাচন কেন্দ্ৰসমূহ শীঘ্ৰে পৰ্যৱেক্ষণ কৰি জনোৱা হ’ব বুলিও মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷
উল্লেখযোগ্যযে কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ মুঠ ২৬টা পৰিষদীয় নিৰ্বাচনৰ বাবে অনুষ্ঠিত হব পৰিষদীয় নিৰ্বাচন ৷ আজিৰ সংবাদ মেলত ডিফু নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দিবাকৰ নাথে ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০ খন পৰিষদীয় সমষ্টিৰ সবিশেয় সংবাদমেলত দাঙি ধৰে ৷ বাকীবোৰ সমষ্টিৰ তথ্য এতিয়ালৈকে আহৰণ কৰিব পৰা হোৱা নাই ৷