ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত শোক দিৱস পালন। ২০০৫ চনৰ ১৭ অক্টোবৰত সংঘটিত গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱা ৪১ গৰাকীকৈ নিৰীহ লোকক স্মৰণ কৰি মৌন প্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিভিন্ন দল সংগঠনৰ। ১৭ অক্টোবৰ, কাৰ্বি আংলঙৰ বাবে এটা অভিশপ্ত দিন, এক কলা অধ্যায়।
২০০৫ চনৰ ১৭ অক্টোবৰ অৰ্থাৎ আজিৰ এই দিনটোতে পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম আৰু প্ৰিচেক নামৰ ঠাই দুখনত সংঘটিত হৈছিল এক গণহত্যা। কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাটতৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই ঠাই দুখনত সংঘটিত কৰিছিল গাৰ নোম শিয়ঁৰি উঠা এক হত্যা লীলা। উল্লেখযোগ্য যে উক্ত দিনটোত অচিনাক্ত দুৰ্বৃত্তই জেৰিকীন্দেঙৰ পৰা লংকা-ডিফু অভিমুখে অহা কাৰ্বি স্বায়ত্ব পৰিষদৰ অধীনৰ দুখন যাত্ৰীবাহী বাছ ছাৰচিমত বাট আগুচি ধৰি বাছ দুখনত থকা কাৰ্বি সম্প্ৰদায়ৰ যাত্ৰীসকলক গাড়ীৰ পৰা নমাই এফালৰ পৰা ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল।
উক্ত হত্যা কাণ্ডত নিৰীহ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমানি শিশুও নিজৰ প্ৰাণ হেৰুৱাইছিল। আনকি ইয়াৰ পাছতো ঘাটকৰ দলটোয়ে ক্ষান্ত নাথাকি প্ৰিচেক নামৰ গাঁওখনত উপস্থিত হৈ গাঁওখনৰ নিৰীহ লোকক লগত মৰানাস্ত্ৰৰে গুলিয়াই গুলিয়াই হত্যা কৰিছিল। আৰু এনেদৰেই উক্ত দিনটোত সংঘটিত হত্যাকাণ্ডত পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমানি শিশুকে ধৰি মুঠ ৪১ গৰাকীকৈ নিৰীহ কাৰ্বি সম্প্ৰদায়ৰ লোকে প্ৰাণ হেৰুৱাইছিল।
তাৰ পাছৰে পৰা এই দিনটোক এটা শোকৰ দিন হিচাপে আখ্যা দি কাৰ্বি আংলংত শোক দিৱস হিচাপে পালন কৰি আহিছে কাৰ্বি আংলংবাসীয়ে। পৰিপ্ৰেক্ষিতত প্ৰতি বছৰৰ দৰে এইবাৰো চাৰচিমত National mourn day obsevation Committee-ৰ উদ্যোগত শোক দিৱস পালন কৰা পৰিলক্ষিত হৈছে। অনুষ্ঠানত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংসহ পৰিষদৰ বৃহৎ সজাতি দল, সাংসদ হৰেনছিং বে, বিধায়ক ডঃ মানছিং ৰংপি, কাৰ্বি ছাত্ৰ সংস্থা, ডিমাছা ছাত্ৰ সংস্থা আৰু অন্যান্য দল-সংগঠনৰ কৰ্মকৰ্তাসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।












