অসম -নাগালেণ্ড সীমান্তৰ কাৰবি আংলং জিলাৰ ডিলাইত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা ৷প্ৰাপ্ত খবৰ অনুসৰি বোকাজান থানাৰ অ’চি মৌবলিক ব্ৰক্ষ্মৰ নেতৃত্বত খটখটী থানাৰ অ’চি ৰাজু দুৱৰা , ডিলাই থানাৰ অচি লুটফুৰ ৰহমান ,উপপৰিদৰ্শক বিপ্লৱ দাস , ২০ বিএন চিআৰপিএফৰ সহকাৰী কামাণ্ডেণ্ট ৰবি গিল আৰু চিআৰপিএফৰ এটা দলৰ সহযোগত ডিলাই থানা অন্তৰ্গত ১২ মাইলত নাকা তালাচী বহায় ৷
উক্ত নাকা তালাচী কালত এখন ক’লা ৰঙৰ মেটেলিক পাৰ্ল চিয়েজ গাড়ীত তালাচী চলাওতে গাড়ীখনৰ পৰা ১৫২ টা চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় ২ কেজি ওজনৰ সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযান কাৰী দলটোৱে ৷
ADVERTISEMENT
লগতে হেৰইনখিনি সৰবৰাহৰ লগত জড়িত গাড়ীখনত থকা মণিৰুৰৰ সেনাপতিৰ লানাহমেই ফাউছী ষ্টিফেনৰ পুত্ৰ ২৮ বছৰীয়া লাহনামেই ষ্টিফেন থাঙাও আৰু মণিপুৰ তাডুবি থানা এলেকাৰ এইছ ডেভিডৰ পুত্ৰ ২৫ বছৰীয়া ৱেইফু প্ৰ’ ওৰফে ৰকু বেইপু আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷
উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰইনখিনি কাৰবি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ উপস্থিতিত জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷
ADVERTISEMENT