ASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলত বন্ধ সংস্কৃতি পৰিহাৰ কৰি কৰ্ম সংস্কৃতিক আকোঁৱালি লবলৈ সভা- সমিতিত সততে আহ্বান জনাই অহা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিজৰ বচনক সাকাৰ ৰূপ দিবলৈ শ্ৰমিক সকলৰ কাষলৈ চাপি আহিল ৷
আজি ডিফু হিলছ মেডিকেল কলেজ, আৰবেৰাটাম চেণ্টাৰৰ কাষত পথ বহলীকৰণৰ আৰু বিভিন্ন কামত নিয়োজিত নিৰ্মাণ শ্ৰমিক সকলক আৰ্থিক সাহায্য প্ৰদান কৰে ৷
জিলাখনৰ খাটিখোৱা লোক সকলক কৰ্ম সংস্কৃতিৰ প্ৰতি উৎসাহিত কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলা খনৰ ডংহাপ, ডেং আৰং আৰু ডকমকাৰ ৯৫ জন কাৰবি শ্ৰমিকক সা- সৰঞ্জাম কিনিবলৈ ৫০০০ টকাকৈ আৰ্থিক সাহায্য আদবঢ়ায় ৷
মুখ্য কাৰ্যবাহী সদস্য ব্যক্তিগত সহায়ক মঙল ইংহিয়ে জনোৱা মতে উক্ত শ্ৰমিক সকলে কামৰ ক’লা- বগা বাছ- বিছাৰ নকৰাকৈ হাঁড় ভগা শ্ৰম কৰি এক আধুনিক কাৰবি আংলঙ নিৰ্মাণত অগ্ৰসৰ হৈছে সেয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শ্ৰমিক সকলক অধিক উৎসাহিত কৰিবলৈ এনে আৰ্থিক সাহায্য প্ৰদান কৰিছে ৷













