ASSAM TIMES POST
ডিফুঃ মঙলবাৰে সন্ধিয়া ডিফুত নিৰ্মিয়মান হিলছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ নিৰ্মান সংক্ৰান্তীয় এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
উক্ত পৰ্যালোচনা সভাখন অসম চৰকাৰৰ অৰ্থ ও প্ৰধান সচিব সমীৰ সিনহা, (আইএছ) ৰ উপস্থিতিত স্বাস্থ্য বিভাগ , কেইবাগৰাকী কাৰ্যবাহী সদস্য, পৰিষদৰ সদস্য, পৰিষদৰ প্ৰধান সচিব, সচিব আৰুঅভিযন্তা সকলে অংশ গ্ৰহণ কৰে ৷ নিৰ্মিয়মান হিলছ মেডিকেল কলেজত সু আন্ত:গাঁথনিযুক্ত ভৱন, পানী সৰবৰাহ,নিষ্কাষণ, বাট-পথ আৰু বিদ্যুতৰ কামৰ অগ্ৰগতি সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰ্যালোচনা কৰিছিল ৷
সকলো দিশ পৰ্যালোচনা কৰাৰ পিছত হিলছ মেডিকেল কলেজখনৰ ৮০-৮৫% শতাংশ কাম সম্পন্ন হোৱা বুলি নিশ্ছিত হয় ৷ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কাম সম্পাদন কৰা সকলো সংস্থাক ২০১৯ ৰ ভিতৰত মেডিকেল কলেজখন উদ্ধোন কৰিব পৰাকৈ কাম সমূহ সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ চৰকাৰী ভৱন সমুহ নিৰ্মাণ নোহোৱালৈকে চৰকাৰী বিষয়া সকলক মেমবাৰছ হোষ্টেলত থকাৰ ব্যৱস্থা কৰা হব বুলি জনায় ৷ লগতে অন্যান্য বিষয়া- কৰ্মীৰ বাবে ভাড়া ঘৰৰ ব্যৱস্থা কৰা হব বুলি পৰ্যালোচনা সভাত আলোচনা হয় ৷













