কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোঁসাইগাঁৱত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। শ্ৰীৰামপুৰত এখন ট্ৰাকৰ তেলৰ টেংকীত ভৰাই অনা প্ৰায় ২০ কোটি টকাৰ ড্ৰাগছ অৰ্থাৎ হেৰ’ইন আৰু আফিং জব্দ কৰাৰ লগতে গোসাঁইগাওঁ আৰক্ষীয়ে ট্ৰাকৰ চালক মোহনলালক আটক কৰে।
সেয়েহে, অধিক তথ্য লাভৰ বাবে সৰবৰাহকাৰী মোহনলালক আৰক্ষীয়ে জেৰা কৰাত অভিযুক্তই আন এজন সহযোগী থকা বুলি জনায়। ফলত, আৰক্ষীয়ে শুকুৰবাৰে নিশা ১২: ৩০ বজাত অভিযুক্ত মোহনলালক লৈ গোসাঁইগাঁৱৰ দলগাঁৱত খোজ কাঢ়ি যোৱাৰ সময়ত মোহনলালে হঠাতে এছ আই ব্ৰীজেছ কুমাৰৰ ছাৰ্ভিছ পিষ্টললৈ আৰক্ষীক লক্ষ্য কৰি দুই-জাই গুলী কৰে আৰু উপায়হীন হৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়াত পৰে।
আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত অভিযুক্ত মোহনলালক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ লৈ যোৱা হয়।
আনহাতে, আৰক্ষীয়ে হেৰ’ইন আৰু আফিং সহ জব্দ কৰা ট্ৰাকখন ৰাতি কোনো দুৰ্বৃত্তই জ্বলাই দিয়ে। উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত শুকুৰবাৰে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই মাজিদ প্ৰেট্ৰল পাম্পৰ পৰা জব্দ কৰা ট্ৰাক খনত সৰবৰাহ কৰিবলৈ অনা ২০ কোটি টকাৰ ৩ কিলোগ্ৰাম ১০০ গ্ৰাম হেৰ’ইন আৰু ৮৫ কিলোগ্ৰাম আফিং উদ্ধাৰ কৰে।
গোসাঁইগাঁও থানাৰ আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুঙৰ নেতৃত্বত শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰত মনিপুৰৰ ইম্ফলৰ পৰা ৰাজস্থানলৈ লৈ যোৱা আৰ জে-১৪- জিডি- ৯২১৩ নম্বৰৰ ১২ চকীয়া ট্ৰাকৰ তেলৰ টেংকীত হেৰ’ইন আৰু আফিং উদ্ধাৰ কৰে আৰক্ষীয়ে। লগতে, ট্ৰাকখনৰ চালক তথা ৰাজস্থানৰ বাঢ়মেৰৰ নিবাসী মোহন লালক গ্ৰেপ্তাৰ কৰে আৰক্ষী।