![]()
ভাৰতত বিগত ২৪ ঘণ্টাত কৰোনাৰড় দৈনিক সংক্রমণ আৰু বৃদ্ধি পাইছে। এটা দিনত দেশত কৰোনা আক্রান্ত হৈছে ৩ হাজাৰ ৩৭৭ জন। যাৰ ভিতৰত কেৱল দিল্লীতে কৰোনাত আক্রান্ত হৈছে ১৪৯০ জন।
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এক বৈঠকত সম্প্রতি কৈছিল, ‘‘ওমিক্রনৰ নতুন প্ৰজাতিয়ে বিদেশত কিমান বিপদ বঢ়াইছে, সেয়া সকলোৱে দেখিছে৷ ভাৰততো সিমান এটা অস্বাভাবিক নহয়।’’
মোদীৰ উক্ত মন্তব্য যে অমূলক নহয়, তাৰ প্রমাণ ওলাল দেশত দুদিন একে হাৰত সংক্রমণ বৃদ্ধিত। ইয়াৰ ভিতৰত দিল্লী, হাৰিয়ানা, কেৰালা আৰু উত্তৰ প্রদেশত দৈনিক সংক্রমণ অন্যান্য ৰাজ্যৰ তুলনাত বেছি।
শুক্রবাৰে প্রকাশিত কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুযায়ী দেশত এই মুহূর্তত মুঠ কৰোনা ৰোগীৰ সংখ্যা ১৭ হাজাৰ ৮০১ জন। পজিটিভিটি হাৰ ০.৭১ শতাংশ। বিগত ২৪ ঘণ্টাত ৪ লক্ষ ৭৩ হাজাৰ ৬৩৫ জনৰ কৰোনা পৰীক্ষা কৰোৱা হৈছে দেশত। ২৪ ঘণ্টায়ত দেশত মুঠ মৃত্যুৰ সংখ্যা ৬০ জন।












