নগাঁও,১৫ অক্টোবৰ : ৰাজ্যত অব্যাহত আছে বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়। আজি নগাঁও আৰক্ষীৰ জালত পৰিল অস্ত্ৰসহ কেঁকোসাপৰ এটা চোৰাং ব্যৱসায়ী। ধৃত চোৰাং ব্যৱসায়ীটোৰ নাম আলাউদ্দিন বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্রই সদৰি কৰা মতে আজি পুৱা আলাউদ্দিন নামৰ লোকজন এএছ০২এইচ চি ৯৫৬৭ নম্বৰৰ বাছখনত নগাঁৱৰ আমনিৰ পৰা গুৱাহাটী অভিমুখে এটা কেঁকো সাপ আৰু এটা হস্ত নিৰ্মিত পিষ্টল লগত লৈ গৈ থকা অৱস্থাত আৰক্ষীৰ জালত পৰে ।
নগাঁৱৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু জন দাসে এক গোপন তথ্যৰ ভিত্তিত বৰঘাট বাইপাছত গুৱাহাটী অভিমুখী উক্ত বাছখনত তালাচী চলাই কেঁকো সাপ আৰু এটা হস্ত নিৰ্মিত পিষ্টলসহ আলাউদ্দিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা চোৰাং কেঁকো সাপ সৰবৰাহকাৰীটোক বৰ্তমান নগাওঁ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে। ধৃত আল্লাউদ্দিনৰ ঘৰ ধুবুৰী জিলাৰ চাপৰত বুলি জানিব পৰা গৈছে।

















