সম্পৰ্কীয় ভাতৃ ৰাজ থাকৰেৰ মহাৰাষ্ট্র নৱনির্মাণ সেনা (এমএনএছ) আৰু বিজেপিক একেলগে আক্রমণ কৰিলে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই। আক্রমণৰ প্ৰসংগ বাবৰি মছজিদ ধ্বংস আৰু ৰাম মন্দিৰ নির্মাণ।
আনহাতে, কোন ডাঙৰ হিন্দুত্ববাদী তাক লৈও যেন প্রতিযোগিতা চলিছে শিৱসেনা আৰু বিজেপি-এমএনএছৰ মাজত। বিজেপিক আক্রমণ কৰি সোমবাৰে উদ্ধৱ থাকৰেই কয়, ‘আপোনালোক কেনে ধৰণৰ হিন্দুত্ববাদী? বাবৰি মছজিদ ধ্বংসৰ সময়ত লুকাই পৰিছিল। ৰাম মন্দিৰ নির্মাণৰ সিদ্ধান্ত লৈছে আদালতে।’
ৰাজ্যত কংগ্রেছ আৰু এনচিপিৰ সৈতে জোঁটবন্ধন আছে শিৱসেনাৰ, যাক লৈ তেওঁলোকক উপহাস কৰাৰ চেষ্টা কৰি আহিছে প্রতিনিয়ত। তাৰ প্ৰত্যুত্তৰ দিবলৈয়েই উদ্ধৱে কয়, ‘তেওঁলোক (বিজেপি আৰু এমএনএছ) দুর্বল হিন্দুত্ববাদী। এইটো ভুৱা নিউ-হিন্দুইজম। কাৰ কাপোৰ বেছি গেৰুৱা তাক লৈ তেওঁলোকৰ মাজত প্রতিযোগিতা চলে।’
তেওঁ লগতে কয়, ‘আমি গদাধাৰী হিন্দুত্বৰ অনুসৰণ কৰো, ঘণ্টাধাৰীৰ নহয়।’ শিৱসেনা প্রধানজনে ইয়াকো জনায়, অতি শীঘ্ৰেই এটা সমাবেশ পাতি সকলোকে বুজাই দিব কোন প্ৰকৃত হিন্দুত্ববাদী।
উল্লেখ্য, মছজিদত লাউডস্পিকাৰ বজোৱা বন্ধ কৰিবলৈ মহাৰাষ্ট্র চৰকাৰক ৩ মে’ পর্যন্ত চূড়ান্ত সময়সীমা দিছিল ৰাজ থাকৰেই। সময়মতে বন্ধ নহ’লে ৰাজ্যৰ প্রত্যেক মছজিদৰ সন্মুখত লাউডস্পিকাৰত হনুমান চালিচা তেওঁলোকৰ দলে চলাব বুলি ভাবুকিও দিছিল।