ASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত নিৰ্মিয়মান হিল’ছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ কাম-কাজ পৰ্যবেক্ষণ কৰে টীম কাৰ্বি আংলঙে৷

পৰ্যবেক্ষণ কালত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰ্বি আংলঙত অংশ গ্ৰহণ কৰে ক্ৰমে,সাংসদ হৰেণছিং বে’, ইএম সকল ক্ৰমে, মঙলছিং তিমুঙ, কাছে’ ৰংপিপী, ৰূপছিং টেৰণ, লুণছিং টেৰণ, প্ৰদীপ ডিফুছা, এমএচি সকল ক্ৰমে, ৰিছাৰ্ড টকবী, দৰছিং ৰংহাঙ,ৰামছিং তিমুঙ,পৱিত্ৰ ৰংপি, পৰিষদৰ প্ৰধান সচিব ৰঞ্জিত কুমাৰ দাস, কাৰবি আংলঙ জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা পৰিষদৰ সচিব আৰু বিভাগীয় অভিযন্তা সকল৷

পৰ্যবেক্ষণ কালত টীম কাৰ্বি আংলঙে নিৰ্মিয়মান চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰতিটো কাম-তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰৰ নিৰ্মাণ কাম আৰু অহা নৱেম্বৰৰ পৰা আৰম্ভ হবলগীয়া অপিডিৰ কাম-কাজো পৰিদৰ্শন কৰে৷ উল্লেখযোগ্য যে, যোৱা ২৫ জুলাইত ৭০ সংখ্যক বন মহোৎসৱত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত অহা নৱেম্বৰ মাহৰ পৰা চিকিৎসা মহাবিদ্যালয় খনত ৩০০ খন বিছনাযুক্ত হাস্পাতালৰ শুভাৰম্ভ হ’ব বুলি কৈছিল।

উক্ত মাহতে মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াই ডিফু হিল’ছ মেডিকেল কলেজখন পৰিদৰ্শন কৰি ৰিপৰ্ট সংগ্ৰহ কৰিব বুলিও জনাইছিল ৷ আজি তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰ্বি আংলঙে ডিফু হিল’ছ মেডিকেল কলেজৰ কাম-কাজ পৰিদৰ্শন কৰাই বিশেষ তাৎপৰ্য বহন কৰিছে।












