কাৰ্বি আংলং জিলাত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰূদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে। আজি এক গোপন সূত্ৰৰ পম খেদি উপপৰিদৰ্শক আতিকুৰ ৰহমান আৰু সহকাৰী উপপৰিদৰ্শক ৰাজীব বৰাই খটখটি থানৰ পুলিচ কৰ্মী লগত লৈ খটখটিত নাকা তালাচী অভিযান চলায় ৷
পুৱা ১০ মান বজাত দুজন মটৰ চাইকেল আৰোহীক মটৰচাইকেল ৰখাই তালাচী চলাওঁতে নগাওঁ জিলাৰ বাগুতাগুৰি গাঁৱৰ ২০ বছৰীয়া মহম্মদ এনামূল ইছলাম আৰু হোজাই জিলাৰ লংকা থানা অন্তৰ্গত পেটেল পুখুৰী গাঁৱৰ ২৮ বছৰীয়া বাবু আলিক আটক কৰে ৷
ধৃত লোক দুজনৰ পিন্ধি থকা অন্তৰ্বাসৰ পৰা আৰক্ষীয়ে দুটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ২৭.১৬ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷