ASSAM TIMES POST
ডিফু: আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে পূব কাৰ্বি আংলঙৰ হৰিহাজানৰ শান্তিনিকেতন ইংলিছ হাই স্কুলত বক্তৃতা আৰু কুইজৰ অনুষ্ঠান অনুষ্ঠিত কৰে।

মহিলা সৱলীকৰণ আৰু লিংগ সমতা সম্পৰ্কত নৱ-প্ৰজন্মক সজাগ কৰিবলৈকে উক্ত দুয়োটা অনুষ্ঠানৰ আয়োজন কৰে উদ্যোক্তাসকলে।

ইয়াত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীকে প্ৰমুখ্য কৰি ডেৰশৰো অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে সেনাই লোৱা এনে পদক্ষেপক বিদ্যালয় কৰ্তৃপক্ষই শলাগ লয়।














