প্রসাধন আৰু চৰ্ম পৰিচর্যা পণ্যৰ ব্যৱসায়িক গোষ্ঠী ‘এমৱে ইণ্ডিয়া’ৰ ৭৫৭ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিলে এনফৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি)। সোমবাৰে ইডিয়ে জনাইছে যে বিত্তীয় কেলেংকাৰী বিৰোধী আইনৰ অধীনত উক্ত সম্পত্তি বাজেয়াপ্ত কৰা হৈছে।
এমৱেৰ বিৰুদ্ধে বিপণন কেলেঙ্কাৰীত জড়িত থকাৰ অভিযোগ তোলে ইডিয়ে। কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ, অন্য কোম্পানীবোৰৰ একেই ধৰণৰ পণ্যৰ তুলনাত এমৱেৰ পণ্যৰ মূল্য বহু বেছি।
ইডিয়ে এক বিবৃতিত জনাইছে যে, এমৱে ইণ্ডিয়া এন্টাৰপ্রাইজ প্রাইভেট লিমিটেডৰ তামিলনাডুৰ ডিন্ডিগুল জিলাত ভূমি আৰু কাৰখানা, যন্ত্রপাতি, যান-বাহন, বেঙ্ক একাউন্ট আৰু ফিক্সড ডিপোজিট মিলাই এই ৭৫৭ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। বাজেয়াপ্ত কৰাৰ পিছত উক্ত সম্পত্তি হস্তান্তৰ কৰিব পৰা নাযাব বুলিও ইডিৰ কর্মকর্তাসকলে জনাইছে।
বাজেয়াপ্ত কৰা ৭৫৭ কোটি টকাৰ সম্পত্তিৰ ভিতৰত ৪১১.৮৩ কোটি টকা মূল্যৰ সম্পত্তি আৰু কোম্পানীটোৰ নামত থকা ৩৬টা একাউন্টত ৰখা ৩৪৫.৯৪ কোটি টকা বাজেয়াপ্ত কৰা হৈছে।