ASSAM TIMES POST
হাফলংঃ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে শুকুৰবাৰে নতুন দিল্লীৰ শাস্ত্ৰী ভৱনৰপৰা দেশৰ ভিন্ন প্ৰান্তত অৱস্থিত ১৫ খন কেন্দ্ৰীয় বিদ্যালয়ৰ নৱ-নিৰ্মিত ভৱন ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে উদ্বোধন কৰে।

পাহাৰীয়া জিলা ডিমা হাচাওত অৱস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ নৱ-নিৰ্মিত ভৱনো ইয়াৰ অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিততে হাফলঙস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ কনফাৰেঞ্চ হলত উপস্থিত থাকে স্বায়ত্তশাসিত জিলাৰ সাংসদ হৰেণ সিং বে’।

ইয়াত নতুন দিল্লীৰ কাৰ্যক্ৰম ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। উল্লেখ্য, নতুন দিল্লীৰ একে অনুষ্ঠানতে মন্ত্ৰীজনে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তেই আন ৬ খন কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে।
ইফালে উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত সাংসদজনৰ লগতে উপায়ুক্ত, কেন্দ্ৰীয় বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।













