![]()
শনিবাৰে ১০৮ ফুট উচ্চতাৰ হনুমান মূর্তি উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। হনুমান জয়ন্তী উপলক্ষে গুজৰাটৰ মোৰবিত এই মূর্তি উন্মোচন হয়। ‘হনুমানজি চাৰ ধাম’ প্রজেক্টৰ অধীনত দেশৰ চাৰিও দিশে স্থাপন কৰা হৈছে চাৰিটা হনুমান মূর্তি। এইটো তাৰ দ্বিতীয়।
আজি পুৱা চাৰে ৮ বজাত মূর্তিটোৰ দুখন ছবি দি উদ্বোধনৰ কথা জনায় মোদীয়ে। টুইটাৰত তেওঁ লিখে, ‘হনুমান জয়ন্তীৰ বিশেষ উপলক্ষে মোৰবিত পুৱা ১১ বজাত ১০৮ ফুট উচ্চ হনুমানজিৰ উন্মোচন হ’ব। ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানৰ অংশ হ’বলৈ পাই মই সন্মানিত বোধ কৰিছো।’













