![]()
ঝাৰখণ্ডৰ দেওঘৰৰ ত্রিকূট পাহাৰত ৰোপৱেত উদ্ধাৰকাৰ্যৰ সময়ত ৰছী ছিঙি মৃত্যু হয় এগৰাকী মহিলা পর্যটকৰ। এই ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ হ’ল চাৰিজন। মঙ্গলবাৰে পুৱাতেই পুনৰ উদ্ধাৰকাৰ্য আৰম্ভ হয়। তেতিয়াই এই দুর্ঘটনাটো ঘটে।
ৰছী ছিঙি তলৰ শিলত পৰে মহিলা পর্যটকগৰাকী। গুৰুৰতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত হস্পিটেললৈ লৈ যোৱা হ’ লেও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষী সূত্র মতে, মৃত ব্যক্তিজন জাউসাগড়িৰ বাসিন্দা।

সোমবাৰে উদ্ধাৰকাৰ্য চলোৱাৰ সময়ত ভাৰতীয় বায়ুসেনাৰ উদ্ধাৰকাৰী হেলিকপ্টাৰৰ পৰা পেলোৱা ৰছী হাতৰ পৰা পিছলি ডেৰ হাজাৰ ফুট উচ্চতাৰ পৰা তলত পৰি মৃত্যু হৈছিল এজন পর্যটকৰ। চাৰিজন পর্যটকৰ মৃত্যু হ’লেও বাকীসকলক নিৰাপদেই তললৈ নমোৱা হোৱা বুলি জনাইছে উদ্ধাৰকাৰীসকলে। প্রায় ৪৮ ঘণ্টা পিছত উদ্ধাৰকাৰ্য শেষ হয়।
উল্লেখ্য, ত্রিকূট পাহাৰৰ এই ৰোপৱে হৈছে এটি জনপ্রিয় পর্যটনস্থল। দেওবাৰে বিয়লি ত্রিকূট পাহাৰৰ ৰোপৱেত দুটি ট্রলিৰ মাজত খুন্দা লাগে। তাৰ ফলত দুই মহিলা পর্যটকৰ মৃত্যু হয়। সোমবাৰে মৃত্যু হয় আৰু এজন পর্যটকৰ।
ঝাড়খণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনে এই ঘটনাৰ উচ্চ পর্যায়ৰ তদন্তৰ নির্দেশ দিছে।










