গুৱাহাটীঃ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক শেহতীয়াভাৱে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰু মণিপুৰৰ তত্বাৱধায়ক হিচাপে নিযুক্তি প্ৰদান কৰিছে নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বলৈকে গৌৰৱ গগৈ পশ্চিমবংগ আৰু আন্দামান নিকোবৰ দীপপুঞ্জৰ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে নিযুক্ত আছিল। সেয়ে এতিয়াৰেপৰা গৌৰৱ গগৈয়ে এই চাৰি ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে দায়িত্ব চম্ভালিব লাগিব। প্ৰসংগক্ৰমে, গৌৰৱ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।