![]()
ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পর্ক আৰু চৰকাৰ সম্পর্কে ভুৱা তথ্য বিয়পোৱাৰ অভিযোগত মুঠ ২২টা ইউটিউব চেনেলক ‘ব্লক’ কৰিলে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে। ব্লক কৰা চেনেলকেইটাৰ ভিতৰত চাৰিটা চেনেল পাকিস্তানৰ পৰা নিয়ন্ত্রিত হয়। বাকীবোৰ আমাৰ দেশৰেই। মঙ্গলবাৰে এই সংক্রান্তীয় বিবৃতি প্রকাশ কৰি এই কথা জনায় কেন্দ্রই। ভূৰখা মহলৰ মতে, এই ঘটনা অত্যন্ত তাৎপর্যপূর্ণ৷ কাৰণ এই প্রথম ভাৰতৰ পৰা নিয়ন্ত্রিত কোনো ইউটিউব চেনেলক বন্ধ কৰিলে চৰকাৰে।
কেৱল ২২টা ইউটিউব চেনেলেই নহয়, তিনিটা টুইটাৰ হেণ্ডেল, এটি ফেচবুক একাউন্ট আৰু এটি সংবাদ ৱেবছাইটকো ব্লক কৰা বুলি চৰকাৰী সূত্রে জনোৱা হৈছে। চৰকাৰী বিবৃতিত কোৱা হৈছে, ‘একাধিক ইউটিউব চেনেলত ভাৰতৰ সশস্ত্র বাহিনী, জম্মু-কাশ্মীৰসহ বিভিন্ন বিষয়ত ভুৱা খবৰ পৰিবেশন কৰা হৈছিল। উক্ত চেনেলবোৰ বন্ধ কৰা হৈছে। লগতে প্ৰত্যক্ষভাৱে পাকিস্তানৰ পৰা একাধিক নেট মাধ্যমৰ একাউন্টে ধাৰাবাহিকভাবে ভাৰতবিৰোধী খবৰ প্রকাশিত হৈছিল, সেইবোৰো বন্ধ কৰি দিয়া হৈছে।’

চৰকাৰী সূত্র মতে, এই ইউটিউব চেনেলবোৰত এনেদৰে সংবাদ পৰিবেশন কৰা হৈছিল যে, এক দৃষ্টিত চালে ভাব হ’ব পাৰে, সেইবোৰ জনপ্রিয় কোনো ভাৰতীয় চেনেলৰ ইউটিউব সংস্কৰণ। কিন্তু প্ৰকৃততে সেইবোৰ ভুৱা। এনেদৰেই অতি পৰিকল্পিতভাবে ভাৰতবিৰোধী বিষয় বিয়পোৱাৰ কাম চলিছিল।
উল্লেখ্য, ইয়াকে লৈ যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰা একেই অভিযোগত মুঠ ৭৮টা ইউটিউব চেনেল বন্ধ কৰিলে কেন্দ্রীয় চৰকাৰে।













