পশ্চিম কৰ্বিআংলং জিলাৰ বৈঠালাংছ’ৰ নিকটবৰ্তী মাজগাঁৱত আজি পুৱা এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰপানী নৈত ওপঙি থকা মৃতদেহটো বৈঠালাংছ’ থানাৰ অন্তৰ্গত বৰথলৰ বেদান্ত বড়ো বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে
লগৰীয়াৰ সৈতে বৰপানী নৈ মাছ ধৰিব আহি যোৱা শনিবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল বেদান্ত। পৰিয়ালৰলোকে বেদান্তৰ মৃত্যুক সহজভাবে ল’ব পৰা নাই। তেওঁলোকৰ মতে ই এক পৰিকল্পিত হত্যা।
ইতিমধ্যে বেদান্তৰ পৰিয়ালে বৈঠালাংছ’ থানাত এক গোচৰ তৰিছে ৷ আনহাতে বেদান্তৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ব্যবস্থা গ্ৰহণ কৰাৰ উপৰিও বৈঠালাংছ’ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।