![]()
পুৰীৰ মন্দিৰত আক্ৰমণ। তাণ্ডৱ চলোৱা হৈছে ভোগ ৰন্ধা ঘৰত। ফলত ভাঙি গৈছে ৰান্ধনিশালৰ প্রায় ৪০টা চুলা। জগন্নাথৰ ৫৬ ভোগ ৰন্ধা হয় এই ঘৰতে। কোনে বা কিয় আহি এই তাণ্ডৱ চলাইছে, সেয়া জানিবলৈ তদন্তৰ নির্দেশ দিয়া হৈছে। পৰীক্ষা কৰা হৈছে চিচি টিভি কেমেৰা। উল্লেখ্য, উক্ত স্থানত সকলোৰে প্রৱেশাধিকাৰ নাই। তেনেহ’লে কোনে এই কাম কৰিলে, তাক লৈও প্রশ্ন উঠিছে।
পুৰীৰ উপাযুক্ত সমৰনাথ বার্মাই জনাইছে, তদন্তৰ নির্দেশ দিয়া হৈছে। চিচি টিভি কেমেৰা পৰীক্ষা কৰি চোৱা হৈছে। এজন নে একাধিক ব্যক্তি ইয়াৰ লগত জড়িত, সেয়াও চোৱা হৈছে। কিন্তু ইয়াৰ বাবে পূজাত কোনো সমস্যা হোৱা নাই বুলিও তেওঁ জনাইছে।

উল্লেখ্য, জগন্নাথ, সুভদ্রা, বলভদ্রৰ বাবে দিনত ৫৬ ভোগৰ আয়োজন কৰা হয়। ইয়াৰ বাবে পাকঘৰত ২৪০টা চুলা আছে। ৫০০ ৰান্ধনিয়ে দৈনিক ৰান্ধে। ১৫ হাজাৰ বর্গফুট এলেকাজুৰি আছে উক্ত পাকঘৰ। ২০ ফুট ওখ।













