![]()
তাইৰ পৃথিৱীৰ পোহৰ দেখা ১০ মাহ হৈছিলহে মাঁথো ! জীৱনটোক বুজা নুবুজাৰ এক জটিল সন্ধিক্ষণ । পুতলাৰ সৈতে উমলি থকা বয়সত তাইৰ সোণালী শৈশৱ অতিবাহিত হৈছিল কাৰাগাৰৰ বন্ধ কুঠৰীৰ ভিতৰত । অৱশ্যে , আজি তাই মুক্ত। এতিয়া ছয়বছৰীয়া হ’লহি কণমানি মনমায়া।
আজিৰ পৰা পাঁচ বছৰ পূৰ্বে স্বামীক হত্যা কৰাৰ অভিযোগত কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ বৰবিল চিতলমাৰী নিৱাসী গীতা ছেত্ৰী গুৰুং নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে প্ৰেৰণ কৰিছিল নঁগাও কাৰাগাৰলৈ । লগত আছিল তেওঁৰ দহমহীয়া কন্যা সন্তান মনমায়া । অৱশ্যে চলিত বৰ্ষৰ ১৯জানুৱাৰীত জামিন লাভ কৰে গীতা ছেত্ৰীয়ে।
কাৰাগাৰতেই গীতাই লগ পাইছিল নগাঁৱৰ ডিমৰুগুৰিৰ প্লাৱিতা হাজৰিকা দে’ নামৰ এগৰাকী মহিলাক। জামিন লাভ কৰাৰ পিছত প্লাবিতাই স্বামী প্ৰসেনজিৎ দে’ৰ সহযোগত নিজৰ ঘৰলৈ লৈ আহে কণমানি কন্যাসহ গীতাক । ইফালে নগাঁৱৰ আমোলাপট্টিৰ শংকৰদেৱ শিশু নিকেতনত মুকুল শ্ৰেণীত নামভৰ্ত্তি কৰায় মনমায়া ছেত্ৰীক।

মনমায়া আজি আনন্দত আত্মহাৰা। আন সমনীয়াৰ দৰেই তায়ো যায় বিদ্যালয়লৈ। খেলাধূলা কৰে সমনীয়াৰ সৈতে । আনহাতে, কন্যা শিশু টিৰ পঢ়াৰ দায়িত্ব লৈ নিজেও অতিশয় আনন্দিত বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে প্লাৱিতা আৰু স্বামীয়ে…..












