![]()
দৈনিক পুৱা এগৰাকী বৃদ্ধাই খাদ্য দিয়ে এদল হনুমানক। নিজ হাতে ৰুটি বনাই ঘৰৰ বাহিৰলৈ আহি হনুমানকেইটাক খুৱাই যায় তেওঁ। কিন্তু হঠাৎ দৈনন্দিন ৰুটিন সলনি হৈ গ’ল।
বৃদ্ধাগৰাকী অসুস্থ হৈ শয্যাশায়ী হয়। খাদ্য বনোৱাতো দূৰৈৰ কথা, হনুমানকেইটাক খুৱাবৰ বাবে বাহিৰলৈ ওলোৱাৰো ক্ষমতা নাই তেওঁৰ। এনেদৰেই পাৰ হ’ল দুদিন। অৱশেষত বৃদ্ধাগৰাকীক দেখা নাপাই ঘৰৰ ভিতৰলৈ সোমাই আহিল এটি হনুমান। পোনে পোনে গৈ উপস্থিত অসুস্থ বৃদ্ধাগৰাকীৰ কোঠাত।

তাৰ পিছত? অসুস্থ বৃদ্ধাগৰাকীৰ বিছানালৈ গৈ তেওঁৰ কাষতে বহিল হনুমানটো। বৃদ্ধাগৰাকীয়ে গাত হাত বুলাই দিব ধৰোতেই পেটৰ ওপৰত উঠি বহে সি। ইয়াৰ পিছত দুই হাতেৰে ধৰে বৃদ্ধাগৰাকীক। মূৰত হাতো বুলাই দিয়ে। কিছু সময় বৃদ্ধাগৰাকীক সাবটি লৈ শুই থকাও দেখা গ’ল তাক। আনহাতে, অসুস্থতাৰ মাজতে প্রিয় হনুমানটোক কাষত পাই বৃদ্ধাগৰাকী নিজেও অতি সুখী। বৃদ্ধাগৰাকীৰ পৰিয়ালৰ সদস্যসকলো এই কাণ্ডত অবাক।
এগৰাকী আইএএছ বিষয়া অবনীশ শৰণে টুইটাৰত ভিডিওটি শ্বেয়াৰ কৰিছে। এই মুহূর্তটি পোষ্ট কৰি তেওঁ লিখিছে, ‘হৃদয় চুই যোৱা মুহূর্ত’।









