![]()
বি-টাউনৰ জনপ্ৰিয় প্ৰেমিকদ্বয় ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অৱশেষত বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে প্ৰায়ে কোনোধৰণৰ মন্তব্য নকৰা এই প্ৰেমিকযুগলে চলিত বছৰৰ এপ্ৰিল মাহত বিবাহ পাশত আৱদ্ধ হ’ব। বিয়াখন পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত অনুষ্ঠিত হ’ব।
আৰ.টি.এছ- ৰ মতে, বলীউডৰ বহু প্ৰত্যাশিত এই বিবাহখন এপ্ৰিলৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব! অৰ্থাৎ, তেওঁলোকে ১৭ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ’ব।
তেওঁলোকে মুম্বাইৰ চেম্বুৰৰ আৰ কে হাউচত বিবাহ পাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, আগতে খবৰ পোৱা গৈছিল যে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ৰাজস্থানৰ উদয়পুৰত বিবাহ পাশত আৱদ্ধ হ’ব। কিন্তু শেহতীয়া খবৰনুসৰি তেওঁৰ পৰিয়ালে মুম্বাইত বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰে।













