![]()
নিখিল ভাৰত কংগ্ৰেছৰ আহ্বান মৰ্মে পেট্ৰ’লজাত সামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ আকাশ লংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক আন্দোলনমুখী কাৰ্যসুচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ অসমতো প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷ তাৰ অংশ স্বৰূপে আজি কাৰবি আংলং জিলা কংগ্ৰেছৰ উদ্যোগত ডিফুত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰূপায়ণ কৰিছে প্ৰতিবাদী ধৰ্ণা আৰু সমদল কাৰ্যসূচী ৷ এপিচিচিৰ প্ৰচাৰ বিভাগৰ অধ্যৰ মনজিৎ মহন্ত, এপিচিচিৰ সভাপতি তথা কাৰবি আংলঙ কংগ্ৰেছৰ তত্বাৱধায়ক আৰু নেতৃত্বত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা ডিফুৰ বজাৰ হৈ এক প্ৰতিবাদী সমদল উলিওৱা হয় ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদিলৈ বিজেপি বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লাগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে ঠেলাত মটৰ চাইকেল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ উঠাই মাল্যাৰ্পনেৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইয়াৰোপৰি সমদলৰ পিছত প্ৰতিবাদকাৰীসকলে ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংবাদ মাধ্যমৰ আগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰচাৰ বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কয় যে, বিজেপিৰ আমোলত পেট্ৰ’লজাত সমাগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আকাশ স্পৰ্শ কৰিছে ৷ নিৰ্বাচনৰ সময়ত মূল্যবৃদ্ধি সামান্যভাৱে বন্ধ কৰি ৰাখি নিৰ্বাচনৰ পিছত হুৰাহুৰে বৃদ্ধি পালে মূল্য বৃদ্ধে ৷ ৰন্ধন গেছৰ চিলিণ্ডাৰ হেজাৰৰ ঘৰ অতিক্ৰম কৰাৰ লগতে পেট্ৰ’ল ডিজেলৰ দাম নিতৌ বৃদ্ধি পাইছে ৷
ইয়াৰোপৰি নেমু যোৰাই প্ৰতি ৩০ টকা হল বুলি ক্ষোভ উজাৰে নেতাগৰাকীয়ে ৷ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই ঠিকাদাৰী ৰাজত্ব আৰম্ভ কৰিছে বুলি মন্তব্য কৰে মনজিৎ মহন্তই ৷ সেয়ে বিজেপিক শাসনৰ গাদীৰ পৰা শীঘ্ৰে উৎখাত কৰিবলৈ আহমবানা জনায় মহন্তই ৷ বিজেপিক উৎখাত কৰিব নোৱাৰিলে জনসাধাৰণৰ কেতিয়াও মুক্তি নহয় বুলি সতৰ্ক কৰি দিয়ে কংগ্ৰেছৰ ৰাজ্যিক শীৰ্ষ নেতাগৰাকীয়ে ৷












