![]()
১০ বছৰীয়া এটি শিশুই কোলাত তেওঁৰ কেঁচুৱা ভগ্নীক লৈ আহিল স্কুললৈ। ভগ্নীক কোঁচত লৈয়েই চলালে তেওঁৰ পঢ়া-শুনা। মণিপুৰৰ এই ঘটনা এটি ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। বিষয়টো দৃষ্টিত পৰিছে ৰাজ্যখনৰ শক্তি, বন আৰু পৰিবেশমন্ত্রী বিশ্বনাথ সিঙৰো। শিশুটিৰ ভূয়সী প্রশংসা কৰিছে তেওঁ।
১০ বছৰীয়া মেইনিনসিংলু পামেই চতুর্থ শ্রেণীত পঢ়ে। তেওঁৰ পিতৃ-মাতৃয়ে কৃষিকৰ্ম কৰে। কৃষিকাৰ্যতেই সিদিনা অত্যন্ত ব্যস্ত আছিল তেওঁলোক। পামেইৰ কেঁচুৱা ভগ্নীকো চম্ভালাৰ বাবে আহৰি নাছিল। ফলত ভগ্নীক কোলাত লৈয়েই তেওঁ স্কুললৈ যায়। এই ঘটনাটোৰ ভিডিওটো চাই মন্ত্রী বিশ্বনাথ সিঙে টুইট কৰি লিখিছে, ‘লেখা-পঢ়াৰ প্রতি তেওঁৰ আত্মসমৰ্পণে মোক অবাক কৰিছে। মণিপুৰৰ তামেংলঙৰ ১০ বছৰীয়া ছোৱালী মেইনিনসিংলু পামেই তেওঁৰ ভগ্নীক লৈ স্কুললৈ আহিছে, তেওঁৰ পিতৃ-মাতৃ কৃষিকাৰ্যত ব্যস্ত।’

মন্ত্রীজনে লগতে জনাইছে, শিশুটিৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰিছে তেওঁ। পিতৃ-মাতৃক কৈছে পামেইক ইম্ফললৈ লৈ যাবলৈ। স্নাতক স্তৰ পর্যন্ত তেওঁৰ পঢ়া-শুনাৰ খৰচ বহন কৰিব তেওঁ।










