![]()
অসম-মেঘালয়ৰ সীমান্তত পুনৰ উত্তেজনা। পশ্চিম কৰ্বিআংলং জিলাৰ উমলাফেৰৰ জাটালাঙত সৃষ্টি হৈছে এই উত্তেজনাৰ। মেঘালয়ৰ অৰ্ধশতাধিক লোকে হাতত চোকা অস্ত্ৰ লৈ অসমৰ লোকক আক্ৰমণ কৰাৰ চেষ্টা চলাই। ঘটনাটো সংঘটিত হয় এখন দুকানৰ পৰা। শুক্ৰবাৰে সন্ধিয়া ৭মান বজাত মেঘালয়ৰ কেইজনমান সুৰা মত্ত খাচি লোকে জাটালাঙৰ এখন দোকানত বস্তু কিনিবলৈ আহি দৰ দামৰ ওপৰত কিছু বাক-বিতণ্ডাত লিপ্ত হয়। পাছত নিশা ১১মান বজাত অৰ্ধশতাধিক খাচি লোকে হাতে হাতে চোকা অস্ত্ৰ, পেট্ৰ’ল আদি লৈ উক্ত অঞ্চলটোৰ লোকৰ ওপৰত আক্ৰমণ কৰিবলৈ আহে। ফলত অঞ্চলটোৰ লোকসকলো ওলাই অহাত দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। প্ৰায় তিনিঘন্টা ধৰি হোৱা এই হতাহতিৰ ফলত কেইবাজনো লোক আঘাটপ্ৰাপ্ত হয়। অৱশেষত স্থানীয় গোৰ্খা ছাত্ৰসন্থা আৰু আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে।

আনহাতে আজি পশ্চিম কৰ্বিআংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন ডেউৰীৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে বহুকেইটা অবৈধ মদৰ ঘাটি উৎখাত কৰে। লগতে এনে কাৰ্যৰ পুনৰাবৃত্তি নহ’বলৈ দুইপক্ষৰ মাজত এক বৈঠকৰ আয়োজন কৰে।












