![]()
ইউক্রেইনত সামৰিক অভিযানৰ পিছত এঘৰীয়া হৈ পৰিছে ৰাছিয়া। এই পৰিস্থিতিত ভাৰতলৈ আহিছে ৰুছ বিদেশমন্ত্রী ছের্গেই লাভৰভ। তেওঁৰ সৈতে বৈঠক কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। আজি লাভৰভৰ সৈতে একাধিক বিষয়ত কথা পাতিছে মোদীয়ে। মোদি–লাভৰভ বৈঠক সন্দৰ্ভত প্রধানমন্ত্রী কাৰ্যালয়ে এক বিবৃতিত জনাইছে, ‘ইউক্রেইনৰ বর্তমান পৰিস্থিতি বিষয়ত প্রধানমন্ত্রী মোদীক বিস্তাৰিতভাবে জনাইছে ৰুছ বিদেশমন্ত্রীয়ে। কিভ আৰু মস্কোৰ মাজত চলা শান্তি আলোচনাৰ বিষয়তো তথ্য দিছে লাভৰভে।’ বিবৃতিটোত লগতে কোৱা হৈছে, ‘হিংসা ৰোধৰ আহ্বান জনাইছে প্রধানমন্ত্রী মোদীয়ে। যুদ্ধ বন্ধ কৰিবলৈ ৰাছিয়াক সকলো প্রকাৰৰ সাহায্যৰ আশ্বাস দিয়ে প্রধানমন্ত্রীয়ে।

২০২১ চনত ৰাছিয়া–ভাৰত সন্মিলনত লোৱা সিদ্ধান্তসমূহ সংক্রান্ত কাম কিমান আগবাঢ়িছে সেই বিষয়তো আজি জনাইছে ৰুছ বিদেশমন্ত্রীয়ে।’ আজি ৰুছ বিদেশমন্ত্রীৰ সৈতে প্রায় ৪০ মিনিট কথা পাতে মোদীয়ে।













