
শুক্রবাৰৰ পৰা আফস্পামুক্ত হ’ল অসমৰ ২৪খন জিলা। ৯খন জিলা আৰু কাছাৰৰ এটি মহকুমা বাদ দি বাকী ৬০ শতাংশ এলেকাক অশান্ত অঞ্চলৰ তালিকাৰ পৰা বাদ দিয়াত মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই কেন্দ্রক ধন্যবাদ জনাই বিধানসভাত কয়, “আজিৰ পৰা উক্ত অঞ্চলবোৰত শান্তি-শৃঙ্খলা বজায় ৰখাৰ দায়িত্ব অঞ্চলকেইটাৰ জনতাই ল’ব লাগিব।” বিধানসভাৰ পৰা সকলোকে শান্তিৰ বাবে দায়িত্ব ল’বলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে।

অৱশ্যে বিধানসভাত বাকী ৯খন জিলাৰ পৰাও এই আইন প্রত্যাহাৰৰ দাবী উত্থাপন কৰা হয়। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কয়, “আলফা স্বাধীনসহ এতিয়াও যিসকলে সশস্ত্র সংগ্রামৰ পথত আছে, তেওঁলোক সকলোকে মূল সুঁতিলৈ উভতি আহিবলৈ বিনম্র অনুৰোধ জনাইছো।
অসমৰ নতুন প্রজন্মক যাতে আমাৰ প্রজন্মই এক বিকশিক অসম দি যাব যাব পাৰে, তাৰ বাবে সকলোকে শান্তি প্রক্রিয়াত জড়িত হোৱাৰ আহ্বান জনাইছো।”










