![]()
শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ ড্ৰাগছ গোচৰৰ অন্যতম সাক্ষী প্রভাকৰ চেইলৰ হঠাৎ মৃত্যু। প্রভাকৰৰ অধিবক্তা তুষাৰ খাণ্ডাৰে জনোৱা মতে, শুক্রবাৰে মুম্বাইৰ চেম্বুৰৰ মাহুল এলেকাত হৃদৰোগত আক্রান্ত হৈ প্রভাকৰৰ মৃত্যু হয়।
আৰিয়ানৰ দেহৰক্ষী বাহিনীৰ প্রধান কিৰণ গোছাভিৰ দলৰ সদস্য প্রভাকৰে কেইমাহমান পূৰ্বে অভিযোগ কৰিছিল, মুম্বাই প্রমোদতৰী-কাণ্ডত আৰিয়ানৰ বিৰুদ্ধে ভাষ্য দিয়াৰ বাবে কেন্দ্রীয় ড্ৰাগছ নিয়ন্ত্রক সংস্থা (এনচিবি)ই ঘোচ দিয়াৰ প্রস্তাৱ দিছিল!
এনচিবিৰ বিষয়া সমীৰ ৱাংখেড়েই ফোনত গোচাভিক উক্ত প্রস্তাৱ দিছিল বুলি অভিযোগ কৰিছিল প্রভাকৰে। লগতে প্রভাকৰে অভিযোগ কৰিছিল, গোচাভি আৰু গোচৰটোৰ আন এজন সাক্ষী ছেম ডি’চুজাক কামত লগাই শ্বাহৰুখৰ পৰা ২৫ কোটি টকা আদায়ৰ ষড়যন্ত্র কৰিছিল সমীৰে।
আনহাতে, ৱাংখেড়েই জোৰ পূৰ্বক তেওঁৰ দ্বাৰা কিছু কাগজ-পত্রত চহী কৰাইছিল বুলিও আদালতত শপতনামা দি অভিযোগ কৰিছিল প্রভাকৰে। লগতে আশঙ্কা প্রকাশ কৰিছিল, এই কথা ফাদিল কৰাত তেওঁৰ বৃহৎ ক্ষতি হ’ব পাৰে। এতিয়া তেওঁৰ মৃত্যুত প্রশ্ন উঠিছে, উক্ত ‘বৃহৎ ক্ষতি’য়েই হ’ল নেকি?













