![]()
অস্বাভাৱিক মূল্যবৃদ্ধি বিৰুদ্ধে আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ। আছুৰ আহ্বান মৰ্মে সদৌ কামৰূপ(ম) জিলা ছাত্ৰ সন্থাই গুৱাহাটী লতাশিলস্থিত শ্বহীদ ন্যাসৰ সন্মুখত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে। অত্যাৱশ্যকী সামগ্ৰী, খাদ্য সামগ্ৰী, পেট্ৰ’ল-ডিজেলৰ উপৰিও ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধি বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, যোগান বিভাগ হায় হায় আদি শ্লোগান প্ৰদান কৰে। উল্লেখ্য সত্যাগ্ৰহ কাৰ্যসূচীত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক কুমাৰ নাথ প্ৰমুখ্যে আছু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি বহুকেইজন নেতাই অংশগ্ৰহণ কৰে।
চৰকাৰে চমক লগা কথা কিছুমান কৈ আছে। চমক লগা কথাৰে মানুহৰ জীৱন নিৰ্বাহৰ পথ সুগম কৰিব নোৱাৰে। সাধাৰণ জনতা জীৱন আজি দুৰ্বিহ হৈছে। প্ৰতিবিধ বস্তু দাম বৃদ্ধি হৈছে। কেন্দ্ৰীয় আৰু অসম চৰকাৰে কটো এৰা নাই। জনতাক মাধমাৰ সোধাইছে। চৰকাৰে জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে- মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য কয়। সমগ্ৰ ৰাজ্য প্ৰতিখন জিলা সদৰত আজি সত্যাগ্ৰহ ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি ভট্টাচাৰ্য্য কয়- অহা ৬ এপ্ৰিলত অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত মূল্যবৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।

ইফালে জিলা উপায়ুক্ত কাৰ্যালয় লৈ আছু কর্মীসকলে প্ৰতিবাদী ৰেলী সাব্যস্ত কৰা কথা আছিল যদিও আগ বাটতে আৰক্ষীয়ে বাধা দিয়ে। চৰকাৰখনৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ’বলৈ সাহস নাই -সমুজ্জ্বলে কয়।
আনহাতে সত্যাগ্ৰহত অংগলৈ সভাপতি দীপাংক কুমাৰ নাথে কয়- মূল্যবৃদ্ধিয়ে সাধাৰণ জনতা হাহাকাৰ সৃষ্টি কৰিছে। বিগত ১০দিনত ৯বাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে। মূল্যবৃদ্ধিত জ্বলা-কলা খাইছে অসম মানুহ। চুবুৰীয়া বাংলাদেশ, নেপাল, পাকিস্তানৰ তুলনাত ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য বহু গুণে বেছি।













