![]()
অসম চৰকাৰৰ পেঞ্চন আৰু লোক অভিযোগ বিভাগৰ অধীনত থকা পেঞ্চন মঞ্জুৰি আৰু পেমেণ্ট ট্ৰেকিং পদ্ধতি সংক্ৰান্তীয় “কৃতজ্ঞতা” পৰ্টেল ওপৰত আজি এখনি প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হৈ যায় ৷ কাৰবি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু আৱৰ্ত ভৱনত প্ৰশিক্ষণটি সম্পন্ন হয় ৷ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে বিষয়া কৰ্মচাৰীসকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ৷

প্ৰশিক্ষণত কাৰ্যসূচীত অসম চৰকাৰৰ পেঞ্চন আৰু লোক অভিযোগ বিভাগৰ আয়ুক্ত আৰু সচিব বন্ধনা দত্ত তামুলী আৰু গুৱাহাটী এনআইচিৰ কাৰিকৰী সঞ্চালক মানৱেন্দ্ৰ গোস্বামী, কামৰুজ্জামান আৰু জিলা অতিৰিক্ত উপায়ুক্তদ্বয় ৰাজেছন তেৰাঙ, আৰু এছ খান উপস্থিত থাকে৷ ‘কৃতজ্ঞতা’ পৰ্টেলৰ জৰিয়তে কেনেকৈ সহজতে অনলাইন পেঞ্চন মঞ্জুৰি আৰু পেমেণ্ট ট্ৰেকিংৰ নথি-পত্ৰ আপলুড কৰিব পাৰি তাৰ ওপৰত আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে বিভাগীয় মুৰব্বীসকলক অৱগত কৰা হয় ৷













