দেশৰ ৰাষ্ট্ৰীয়কৃত বেঙ্কবোৰে যে জালিয়াতি বিশেষ ৰুধিব পৰা নাই, সেয়া স্পষ্ট হ’ল ৰিজার্ভ বেঙ্ক (আৰবিআই)ৰ সাম্প্রতিক ৰিপোর্টত। ৰিপোর্টৰ পৰিসংখ্যা অনুযায়ী, বিগত সাত বছৰত দৈনিক প্ৰায় ১০০ কোটি টকা জালিয়াতিৰ চিকাৰ হৈছে ৰাষ্ট্ৰীয়কৃত বেঙ্কবোৰ।
আৰবিআইৰ তথ্য মতে, বিগত সাত বছৰত বেঙ্ক প্রতাৰণাৰ প্রায় আধা ঘটনাই ঘটিছে মহাৰাষ্ট্রত। তাৰ পিছৰ স্থানবোৰত আছে দিল্লী, তেলেঙ্গানা, গুজৰাট আৰু তামিলনাডু।