ডিমা-হাচাও জিলাৰ সদৰ চহৰ হাফলঙত যোৱা নিশা কোনো দুৰ্বৃত্তই দুখনকৈ বাহনত অগ্নি সংযোগ কৰাত দুয়োখন বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বাতৰি পোৱা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰীবাসৰ সমীপত এই ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে, পুৱতি নিশা প্ৰায় আঢ়ৈটা বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই হাফলং চৰকাৰী মহাবিদ্যালয় চৌহদত থকা বাহন দুখনত অগ্নি সংযোগ কৰে ৷
উক্ত অগ্নি কাণ্ডৰ ঘটনাত এএছ -১১জি-১০৩১ নম্বৰৰ মটৰ চাইকেলখন সম্পূৰ্ণৰূপে ভস্মীভুত হোৱাৰ বিপৰীতে এএছ-০১ -ডিএন -৮৮৫৮ নম্বৰৰ মহিন্দ্ৰা কেইউভি ১০০ এনএক্সটি বাহনখন যথেষ্টখিনি অংশ জুইত জাঁহ যায় ৷ উক্ত ঘটনাৰ আঁৰৰ কাৰণ অথৱা এনে ঘটনা কোন জড়িত আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷












