ডিফু ২৯ মাৰ্চঃ হাতী-মানুহৰ সংঘাতৰ বাবে খেৰণিত প্ৰাণ গ’ল এজন চল্লিছোৰ্ধৰ লোকৰ ৷ পশ্চিম কৰবি আংলং জিলাৰ বৃহত্তম খেৰণি এলেকাত সুদীৰ্ঘ দিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বিঘ্নিত কৰি অহাৰ সময়তে আজি পোৱাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ বাতৰি পোৱা গৈছে৷
প্ৰাপ্ত তথ্য অনুসৰি, খেৰণি থানাৰ অন্তৰ্গত খেৰণিৰ দুই নং ৰামথেপি গাঁৱত আজি পুৱা প্ৰায়, ৫-৩০ বজাত জয়শংকৰ চৌহান (৪৮) নামৰ লোকজন কুঁহিয়াৰ খেতিত কাম কৰিবলৈ যোৱাৰ সময়তে এটা বনৰীয়া হাতীৰ আক্ৰমনত কৃষকজনে কৰুণ মৃত্যুক সাৱটি লবলগীয়া হয়৷