অসমত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা দুটাকৈ বৃহৎ কাগজ কল, কাছাৰ আৰু নগাঁও কাগজ কল অৱশেষত ক্ৰয় কৰিলে অসম চৰকাৰে৷ মুঠ ৩৭৫ কোটি টকাৰ বিনিময়ত কাছাৰ আৰু নগাঁৱৰ জাগীৰোড কাগজ কল ক্ৰয় অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমৰ৷ ৰাজ্যৰ ঔদ্যোগিক উন্নয়ন নিগমে ক্ৰয় কৰে ক্ৰয় কাগজ কল দুটাৰ ভূমি আৰু সকলো সা-সামগ্ৰী ৷
সোমবাৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণে আনুষ্ঠানিকভাৱে কাগজ কল দুটা অসম চৰকাৰক হস্তান্তৰ কৰে৷ ফলত কাগজ কল দুটাৰ দীৰ্ঘদিনীয়া সমস্যাৰ শীঘ্ৰে সমাধান হ’ব বুলিও আশা কৰা হৈছে৷
অসম চৰকাৰৰ এই পদক্ষেপক কাগজ কল দুটাৰ কৰ্মচাৰীসকলে আদৰণি জনাইছে৷ লগতে শীঘ্ৰে কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ অনাদায় ধন আদায়ৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনোৱাৰ লগতে কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাইছে ৷












