![]()
ডিফু :নাগালেণ্ডৰ ক’হিমা আৰু মাও মাজত প্ৰায় ৩০ কিলোমিটাৰ যোৰা পথত নাগালেণ্ডৰ এটা সংগঠনে যোৱা পথ অৱৰোধ কৰি ৰখাৰ বাবে মণিপুৰৰ প্ৰায় সহস্ৰাধিক ট্ৰাক চালক আৱদ্ধ হৈ পৰিছে ৷ যোৱা ২০ মাৰ্চৰ পৰা আজিলৈকে ট্ৰাক চালক সকল কাৰবি আংলঙৰ সীমান্তৱৰ্তী এলেকা খটখটী আৰু লাহৰিজানত আৱদ্ধ হৈ আছে ৷
চালক-হেণ্ডিমেন সকল অনাহাৰে, অনিদ্ৰাত জীয়াতু ভুগি আছে যদিও নাগালেণ্ড, মণিপুৰ বা অসম চৰকাৰৰ কাণসাৰ নাই ৷ সেয়ে আজিলকাৰবি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ৰ নেতৃত্বত যোৱা এটা দলে চালক সকলক সাময়িক সকাহৰ বাবে আৱদ্ধ চালক-হেণ্ডিমেন সকলৰ মাজত উপস্থিত হৈ চাউল, ডাইল, তেল আৰু আলু আদি বিতৰণ কৰে ৷
কাৰবি আংলং মটৰ পৰিববন শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্ৰায়ে নাগালেণ্ড চৰকাৰক উক্ত সংগঠনক পথ অৱৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷













