![]()
ডিফু : সোঁৱণশিৰিকে ধৰি একাংশ জলবিদ্যুত প্ৰকল্পই সাধাৰণ জনতাৰ জীৱনলৈ বিপদঘণ্টা কঢ়িয়াই অনাৰ আশংকা কৰি কেতবোৰ দল-সংগঠন আন্দোলনমুখী হৈ থকাৰ সময়তে আজি ডিমা হাছাও জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক ভয়ঙ্কৰ ঘটনা ৷
যোৱা দুবছৰ পূৰ্বে নিপকো জলবিদ্যুত প্ৰকল্পত জলবিষ্ফোৰণ ঘটি ইয়াৰ আশে-পাশে থকা বিস্তৃত এলেকা বালিৰে পুত যোৱাৰ লগতে চাৰিজন লোকৰ কৰুণ মৃত্যুৰ ঘটনা মাৰ নৌযাওঁতেই আজি প্ৰকল্পটোত আন এক বিষ্ফোৰণৰ ঘটনাই প্ৰকল্পটোৰ কৰ্মচাৰী তথা স্থানীয় জনজীৱনলৈ নিৰাপত্তাহীনতাৰ প্ৰশ্ন আহি পৰিছে ৷
আজিৰ এই দুৰ্ঘটনাত প্ৰকল্প এলেকাত বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে প্ৰকল্পটোৰ দুগৰাকী বিষয়াৰ লগতে প্ৰকল্পটোত কৰ্মৰত মুঠ তিনিজন লোক মৃত্যু হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷
প্ৰাপ্ত তথ্য আজি পুৱা প্ৰায় ১১ বজাত প্ৰকল্প থলীৰ উমৰাংছৰ খানডং পাৱাৰ প্লেণ্টত এক টাৰ্বাইনত এক ভয়ংকৰ বিষ্ফোৰণ হয় ৷ টাৰ্বাইনত বিষ্ফোৰণ হোৱাৰ লগে লগে প্ৰচণ্ড জোৰেৰে বৈ অহা পানীৰ ঢলে চৌদিশ জলমগ্ন কৰাৰ লগতে বোকাৰে পুতি পেলায় বুলি জানিব পৰা গৈছে ৷
ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰকল্পটোত কৰ্মৰত তিনিজন কৰ্মীৰ ওপৰতে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰি কৰ্মী তিনিজন গুৰুতৰভাৱে জখম প্ৰাপ্ত হয় ৷ পিছত চিকিৎসালয়লৈ নি থকাৰ মূহূৰ্ততে কৰ্মী তিনিজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ মৃত লোক তিনিজন ক্ৰমে, ডিমা হাছাও জিলাৰ দিয়ুংব্ৰাৰ দিমৰাজ জহৰি, যোৰহাটৰ অনুপম শইকীয়া (অভিযন্তা) আৰু চিভিল মেনেজাৰ জয়ন্ত হাজৰিকা ৷













