ডিফু : কাৰ্বি আংলং জিলাত বসবাস কৰি থকা পাৰ্বত্য জনজাতিৰ লোকসকলক পাৰ্বত্য জনজাতিৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া সহজ কৰি তোলাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি জিলা উপায়ুক্ত দিবাকৰ নাথে জিলা প্ৰশাসনৰ উদ্যোগত হাতত লোৱা ʼজইকে পেন চাই কাপাচুনʼ শীৰ্ষক অভিলাষী আঁচনিখনৰ কথা ঘোষণা কৰে। উপায়ুক্তগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰা অনুসৰি পূৰ্বে পাৰ্বত্য জনজাতিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহৰ ক্ষেত্ৰত জিলাখনৰ দূৰ দূৰণিৰ লোকসকলে বাৰে বাৰে কাৰ্যালয়লৈ বাটকুৰি বাবলগীয়া হৈছিল যদিও জিলা প্ৰশাসনে হাতত লোৱা উক্ত আঁচনিৰ দ্বাৰা জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে সমন্বয়ৰে এই প্ৰক্ৰিয়াক সৰলীকৰণ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে।
সেই অনুসৰি, পাৰ্বত্য জনজাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদনকাৰীয়ে সংশ্লিষ্ট এলেকাৰ চৰকাৰী গাঁওবুঢ়াৰ পৰা স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি আধাৰ কাৰ্ড, ভোটাৰ প্ৰমাণ-পত্ৰ আদি কোনো চৰকাৰী পৰিচয়-পত্ৰসহ স্থানীয় বহুমূখী সমবায় সমিতি (লেম্পছ)ৰ কাৰ্যালয়ত জমা দিব লাগিব।
পৰৱৰ্তী সময়ত এই সমবায় সমিতিসমূহৰ জৰিয়তে আবেদনকাৰীক পাৰ্বত্য জনজাতিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হʼব বুলি উপায়ুক্তগৰাকীয়ে কয়। এনে প্ৰক্ৰিয়াৰ জৰিয়তে জিলাখনত বসবাস কৰি থকা পাৰ্বত্য জনজাতিৰ লোকসকলে প্ৰমাণ-পত্ৰ লাভৰ ক্ষেত্ৰত পূৰ্বৰ জটিলতা ভালেখিনি হ্ৰাস পাব বুলি উপায়ুক্ত গৰাকীয়ে আশা প্ৰকাশ কৰে।