![]()
ডিফুঃ
অহা ২৮ আৰু ২৯ মাৰ্চত হবলগীয়া অসম মটৰ শ্ৰমিক সন্থাৰ যৌথ মঞ্চই সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নৰ সৰ্বভাৰতীয় ধৰ্মঘটৰ প্ৰতি আহ্বান জনাই ৰাজ্যজুৰি দিয়া ৪৮ ঘণ্টীয় চকা বন্ধৰ প্ৰতি নৈতিক সমৰ্থন জনাইছে কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাই ৷
আজি সন্থাই ডিফুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেছনৰ সভাপতি কৃষ্ণ বৰা আৰু কাৰবি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে কয়যে, অসংগঠিত মটৰ শ্ৰমিক সকলৰ সামাজিক সুৰক্ষা আইন আজিলৈকে কাৰ্যকৰী হোৱা নাই ৷
নেতাদ্বয়ে অভিযোগ কৰা অনুসৰি চৰকাৰে পথ সুৰক্ষাৰ নামত কৰ ইতিমধ্যে সংগ্ৰহ কৰি আহিছে অথচ শ্ৰমিক সকলে বাৰম্বাৰ দাবী কৰাৰ পিছতো মটৰ শ্ৰমিক সকলৰ কল্যাণ পূঁজী গঠন কৰাৰ ক্ষেত্ৰত সামান্যতমো আগ্ৰহ প্ৰকাশ কৰা নাই চৰকাৰে ৷
মটৰ শ্ৰমিক সকলে, নিৰ্বাচনত, ক’ভিড যোদ্ধা হিচাপে অনবৈদ্ধ সেৱা আগবঢ়াইছে ৷ চৰকাৰৰ তৰফৰ পৰা ক’ভিডৰ কোনো সাহায্য নাপালে বুলি ক্ষোভ উজাৰে ৷ সেয়ে দুয়ো গৰাকী নেতাই অহা ২৮ আৰৱ ২৯ তাৰিখে হব লগীয়া ৪৮ ঘণ্টীয়া চকা বন্ধৰ প্ৰতি নৈতিক সমৰ্থন জনাইছে বুলি সংবাদমেলযোগে জানিবলৈ দিছে ৷













