![]()
মনোৰঞ্জনঃ
বেলতলাত অহা ২১ এপ্ৰিল তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ব’হাগী উৎসৱ উদযাপন। বেলতলা ব’হাগী উৎসৱ উৎযাপন সমিতিয়ে ২০২২ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটা আগবঢ়াব শিল্পী ময়ূখ হাজৰিকালৈ।
Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ মুখ্য শিল্পী তথা প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পীৰ যুটি জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা হৈছে ময়ূখ হাজৰিকা। ২০০৯ চনত তেওঁৰ নিজৰ কথা, সুৰ আৰু কণ্ঠৰে প্ৰথমটো এলবাম ‘চকুৱে যদি কথা কয়’ মুক্তি লাভ কৰে।
উল্লেখ্য যে, উক্ত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’বলগীয়া এই ব’হাগী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত হাৰ্টথ্ৰৱ জুবিন গাৰ্গকে ধৰি অংগৰাগ পাপন মহন্ত, শংকুৰাজ কোঁৱৰ তথা ৰিচা ভৰদ্বাজ আদিয়ে ভাগ ল’ব।













