ষ্টাফ ৰিপ’ৰ্টাৰঃ
ডিফু : ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্যালয়টো আজি মুকলি কৰা হয়। জিলাখনৰ ঘিলানিত স্থাপিত হোৱা কাৰ্যালয়ৰ আজি ফিটা কাটি শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰি প্ৰদান কৰা চমু ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বচ্ছতাক জীৱনৰ দৰ্শনত পৰিণত কৰাৰ বাবে দলীয় কৰ্মীসকলক আহ্বান জনোৱাৰ লগতে কাৰ্যালয় ভৱনটি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ উপৰি কাৰ্যালয়ৰ চৌদিশে গছপুলি ৰোপন কৰাৰ বাবে সকলোকে আহ্বান জনায়। কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপিৰ আমোলত পৰিষদলৈ অধিক ধন দিয়া হোৱা নাই যদিও বিজেপিৰ আমোলত অধিক উন্নয়ন সাধন হোৱা বুলি মন্তব্য কৰে। সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি পৰিষদৰ আটাইকেইখন আসনতে বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি দাবী কৰে।
লগতে, প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰতো সকলো জাতি জনগোষ্ঠীৰ লোকে নিৰাপদ অনুভৱ কৰিব পৰা প্ৰাৰ্থীৰ গুৰুত্ব প্ৰদান কৰাৰ ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফনী শৰ্মা, বিধায়ক ক্ৰমে বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদিপ ৰংহাং, পৰিষদৰ সদস্য, কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে।