![]()
নিউজ ডেস্কঃ
যুদ্ধৰ মাজতেই ৰাছিয়াত অন্তর্দ্বন্দ্ব প্রকাশ্যে আহিল। পুটিনৰ সঙ্গ এৰিলে তেওঁৰ পৰামর্শদাতা এনাটোলি চুবাইছে। যুদ্ধৰ কাৰণে মতবিৰোধৰ ফলতেই তেওঁ এই সিদ্ধান্ত লোৱা বুলি সূত্রৰ খবৰ। কেৱল সেয়াই নহয়, জানিব পৰা মতে দেশো ত্যাগ কৰিছে চুবাইছে।
সূত্রৰ খবৰ মতে, ইউক্রেইনৰ ওপৰত সামৰিক অভিযানৰ সিদ্ধান্তক ভালভাবে লোৱা নাই চুবাইছে। যুদ্ধৰ এমাহ পিছতে সেই ক্ষোভৰ বহিঃপ্রকাশ ঘটিল। যুদ্ধক লৈ এইটোৱাই সকলোতকৈ ডাঙৰ অন্তর্কলহ বুলি মত প্ৰকাশ আন্তর্জাতিক মহলৰ।
উল্লেখ্য, ৬৬ বছৰীয়া চুবাইছ ১৯৯০ৰ দশকৰ অর্থনৈতিক সংস্কাৰক আছিল। তেওঁৰ সৈতে পশ্চিমীয়া দেশবোৰৰ একাধিক বিষয়াৰ সু-সম্পর্ক আছিল বুলিও জানিব পৰা গৈছে। ৯০ৰ দশকত ব্যক্তিগতকৰণৰ অন্যতম কাৰিকৰ হিচাবে পৰিচিত চুবাইছে বর্তমানৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক প্রথম কাম দিছিল।
আনকি ৰাছিয়াৰ শাসক হিচাবে পুটিনৰ উত্থানৰ আঁৰতো তেৱেঁই আছিল। প্রতিদানত চুবাইছেও বৃহৎ বৃহৎ সংস্থাত কাম কৰিছিল। পিছত পুটিনে তেওঁক ৰাষ্ট্রদূত হিচাবে ঘোষণা কৰে। কিন্তু তেওঁৰ এই ইস্তফাত এতিয়া যথেষ্ট অস্বস্তিত পুটিন-প্রশাসন।













