পশ্চিম কাৰবি আংলংঃ
”Ne pi alam ne chinghon chenam” (নে পি আলাম নে ছিংহন ছেনাম) অৰ্থাৎ চিৰ চেনেহী মোৰ ভাষা জননী- এই মন্ত্ৰৰে মুখৰিত পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ “ডংকা চাৰপ’ ক্ষেত্ৰ”। কাৰ্বি ভাষা-সাহিত্যক জগত সভালৈ নিয়াৰ সংকল্পৰে আজিৰে পৰা ডংকা চাৰপ’ ক্ষেত্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে কাৰ্বি লামেত আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ ৩০তম্ বাৰ্ষিক অধিবেশন।
পুৱা ৯ বজাত কাৰ্বি লামেত আমেইৰ পতাকা উত্তোলন কৰি তিনিদিনীয়া এই অধিবেশনৰ শুভাৰম্ভনী কৰে কাৰ্বি লামেত আমেইৰ সভাপতি শুকুৰ ছিং ৰংপীয়ে।
আজি বিয়লি ১বজাত অনুষ্ঠিত হোৱা কাৰ্বি সাহিত্য সভাৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে কাৰ্বি ভাষাতেই উপস্থিত ৰাইজক সম্বোধন জনায়। কাৰ্বি ভাষাৰ বাবে যিসকলে নিজৰ প্ৰাণ আহুতি দিলে সেইসকল বাবে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ৰংবং তেৰাং, ধনেশ্বৰ ইংতি আদিৰ দৰে কাৰ্বি সাহিত্যিকসকলে পদ্মশ্ৰী উপাধি লাভ কৰাতো কেৱল কাৰ্বি সকলৰে নহয় ই অসমৰে গৌৰৱ। এই বছৰৰ বাৰ্ষিক বাজেট অধিৱেশনত ভাষা গৌৰৱ কাৰ্যসূচীৰ বাবে যি ২৯ কোটি টকা ৰখা হৈছে তাৰে এটা অংশ “কাৰ্বি লামেচ আমেই”ক উপযুক্ত প্ৰকল্প দিয়াৰ লগে লগে উপযুক্ত অনুদান দিয়াৰ আশ্বাস দিয়ে। কাৰ্বি জনগোষ্ঠীক অতি পৌৰাণিক তথা ভুমি পুত্ৰ বুলি অভিহিত কৰি এই জনগোষ্ঠীটোৰ উন্নয়ন বাবে সকলোয়ে সহায়-সহযোগীতা আগবঢ়াব লাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাত জিলাখনৰ চাৰিজনকৈ বিধায়কৰ লগতে কাৰ্বিপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো উপস্থিত থাকে।